অসমৰ চুতীয়া জনগুষ্ঠী আৰু শদিয়াত চুতীয়াসকলৰ ৰাজনৈতিক শাসনৰ অভ্যুদয়

  • মাধৱ চন্দ্র বৰুৱা
    অসমীয়া বিভাগ শিবসাগৰ কলেজ, জয়সাগৰ (স্ব)
  • সংক্ষিপ্ত সাৰ

  • চুতীয়াসকল অসমৰ আদিম তথা প্রাচীনতম জনগোষ্ঠী। পন্ডিতসকলৰ মতে, এওঁলোক মংগোলীয় প্ৰজাতিৰ লোক। চুতীয়াসকলৰ মাজত কেইবাটাও ভাগ পোৱা যায়। তাৰ ভিতৰত হিন্দু চুতীয়া, আহোম চুতীয়া, মিৰি চুতীয়া, দেউৰী চুতীয়া, বৰাহী চুতীয়া,আদিয়েই প্রধান। ইতিহাসৰ তথ্য অনুসৰি এই চুতীয়াসকলেই হ'ল শদিয়াত দীর্ঘদিন ধৰি শাসনত অধিষ্ঠিত (শদিয়াত শাসনাধিস্থ বড়ো - কছাৰী, চুতীয়া, খামতি, চিংফৌ, আহোম, ইংৰাজ আদি অন্যান্য জাতিৰ তুলনাত) একমাত্র জনগোষ্ঠী। ৰজা বীৰপালৰ পৰা আৰম্ভ কৰি চুতীয়াৰ শেখৰজন ৰজা নিত্যপাল (নীতিপাল) লৈকে অর্থাৎ ১১৮৯ খ্রীঃৰ পৰা ১৫২৪ খ্রীঃলৈ (প্রায় ৩৩৫ বছৰ) চুতীয়াৰ মুঠ সোতৰজন ৰজাই ৰাজত্ব কৰিছিল। 'স্বর্ণগিৰি' (১১৮৭ - ১২২৫) আছিল চুতীয়াৰ প্রথমখন ৰাজধানী। এই ৰাজধানীৰ পৰৱৰ্তী নাম হ'ল 'ৰত্নপুৰ'। 'ৰত্নপুৰ' নামটো ১২২৫ৰ পৰা ১২৪৮ চনলৈকে বর্তি আছিল। পৰৱৰ্তী সময়ত উল্লেখিত ৰত্নপুৰেই 'শদিয়া' নামেৰে পৰিচয় লাভ কৰে।

    আমাৰ এই অধ্যয়নত চুতীয়া জনগোষ্ঠীটোৰ এনেবোৰ বিষয়ে প্রধানতঃ প্রাধান্য লাভ কৰিছে। অধ্যয়নৰ জড়িয়তে চুতীয়াসকল যে অসমৰ এটা সমৃদ্ধ (ৰাজনৈতিক আৰু সাংস্কৃতিক উভয় ক্ষেত্রতে) জনগোষ্ঠী - সেই কথা জানিব পৰা যায়। এই গবেষণাপত্রত পৰিচয়মূলক, বিশ্লেষণাত্মক আৰু ঐতিহাসিক এই তিনিটা পদ্ধতিক বিশেষভাৱে মানি চলা হৈছে।

  • বীজ শব্দ: চুতীয়া, ৰাজনৈতিক শাসন, জনগোষ্ঠী, শদিয়া, আদি।

  • Contact us for Full Paper

 

| About |    | Aims& Scope |    | Instructions |    |Volume 8 |    |Volume 9 |    | Editorial Board |    | Contact |

Contact

Leave a Message

Contact Us

Journal of Frontline Research (Arts & Science)Sibsagar College, Joysagar P.O. & District - SivasagarPin - 785665Assam, India


website@jfras.com

Email : edjfr2021@gmail.com [for manuscript submission]