অসমীয়া ভাষা আৰু সাহিত্যৰ ইতিহাস নির্মাণত হেমচন্দ্র গোস্বামীৰ ভূমিকা : এক চমু অৱলোকন

  • নয়ন চেতিয়া
    অসমীয়া বিভাগ তেজপুৰ বিশ্ববিদ্যালয়, প্রাক্তন ছাত্র
  • সংক্ষিপ্ত সাৰ

  • অসমীয়া ভাষা আৰু সাহিত্যৰ ইতিহাস যদিও বহু পুৰণি, কিন্ত্ত তাৰ প্রকৃত ইতিহাস নির্মাণ হৈছিল ঊনবিংশ শতিকাতহে। অসমীয়া ভাষা সাহিত্যৰ ইতিহাস নির্মাণ বুলি ক'লে অসমীয়া ভাষা বা সাহিত্যৰ আৰম্ভণি কেতিয়াৰ পৰা হৈছিল, ইতিহাস কেতিয়াৰ পৰা পোৱা যায়, ইতিহাসৰ ইতিবৃত্ত কেনে আছিল এই সকলোবোৰৰ যুক্তি সংগত বিশ্লেষণকে বুজা যায়। অসমীয়া ভাষা-সাহিত্যৰ ইতিহাস নির্মাণত অৰিহণা যোগোৱা এজন অন্যতম কাণ্ডাৰী হ'ল হেমচন্দ্র গোস্বামী। অসমীয়া ভাষাৰ অতীত সম্পর্কে বিভিন্নজনে বিভিন্ন মত আগবঢ়াইছে। হেমচন্দ্র গোস্বামীয়েও অসমীয়া ভাষাৰ এটা সুস্থিৰ অতীত নিৰ্মাণৰ প্রয়াস কৰিছিল। তেওঁ জোনাকীৰ পাতত অসমীয়া অসমীয়া ভাষা বিষয়ক এলানি প্রবন্ধ লিখি অসমীয়া ভাষাৰ অতীত নির্মাণ কৰাৰ লগতে অসমীয়া সাহিত্যৰো ইতিহাসৰ ইতিবৰচনা কৰি গ'ল। অসমীয়া ভাষাক তেওঁ ভাষাটো জন্মৰ পৰা বর্তমান সময়লৈকে মূলতঃ তিনিটা যুগত ভাগ কৰিছে। এই যুগ কেইটাৰ ভিতৰত দ্বিতীয় যুগটোক পোহৰৰ যোগ বুলি আখ্যা দিছে। অসমীয়া সাহিত্যকো তেওঁ খ্রীষ্টাব্দ ৬০০ ৰ পৰা বর্তমানলৈকে সাঙুৰি ছয়টা যুগত ভাগ কৰিছে। তদুপৰি তেওঁ ভালেসংখ্যক পুৰণি পুথি সংগ্রহ কৰি তাক প্রকাশ কৰি অসমীয়া সাহিত্যৰ ইতিহাসত বৰঙণি যোগাইছিল। এই সকলোবোৰ দিশ সামৰি আমাৰ গবেষণা পত্রখানি প্রস্তুত কৰা হৈছে। গবেষণাপত্রখনি প্রস্তুত কৰোতে আমি প্রধানতঃ বিশ্লেষণাত্মক পদ্ধতিৰ প্রয়োগ কৰিছোঁ।

  • বীজ শব্দ: অসমীয়া, ভাষা, সাহিত্য, ইতিহাস, যুগ।

  • Contact us for Full Paper

 

| About |    | Aims& Scope |    | Instructions |    |Volume 8 |    |Volume 9 |    | Editorial Board |    | Contact |

Contact

Leave a Message

Contact Us

Journal of Frontline Research (Arts & Science)Sibsagar College, Joysagar P.O. & District - SivasagarPin - 785665Assam, India


website@jfras.com

Email : edjfr2021@gmail.com [for manuscript submission]