'কৃষ্ণবিষ্ণুবাসুদেৱ' : মানস ইন্ধনৰ দেৱতায়ন বনাম বিবেক বীক্ষণৰ মানৱায়ন

  • ভাগ্যশ্রী তামুলী
    অসমীয়া বিভাগ, ডিব্রুগড় বিশ্ববিদ্যালয়

  • সংক্ষিপ্তসাৰ

  • অসমীয়া সাহিত্যৰ উপাখ্যানভিত্তিক উপন্যাসসমূহৰ ভিতৰত ডঃ খৰ্গেশ্বৰ ভূঞাৰ 'কৃষ্ণবিষ্ণুবাসুদেৱ' এখনি বহুপঠিত আৰু বহু চর্চিত উপন্যাস। প্রাচীন আৰু আধুনিক ভাৰতবৰ্ষৰ সবাতোকৈ চর্চিত চৰিত্ৰ 'কৃষ্ণ'ক ঐতিহাসিক পুৰুষ হিচাপে গণ্য কৰি আৰু মানবাতায়ান মানৱায়তন প্রদান কৰি তীক্ষ্ণবুদ্ধি, প্রত্যুৎপন্নমতি, বলশক্তি, কূটকৌশল, ৰাজনৈতিক চাতুৰী, শত্রুৰ মনঃস্তত্ব অধ্যয়ন আদি গুণকর্ষক ৰুপত এই উপন্যাসত উপস্থাপন কৰোৱা হৈছে। মানুহক দেৱতাৰ ৰূপত উপস্থাপন কৰাক - দেৱতায়ন আৰু দেৱতাক মানুহৰ ৰূপত প্রকাশ কৰাক মানৱায়ন বোলা হয়। কল্পনাতেই সীমাৱদ্ধ নাথাকি মহাকাব্যিক চৰিত্রৰ ঐতিসাহ্যিক ভেঁটি স্থাপনৰ প্রচেষ্টাত কৃষ্ণ চৰিত্রৰ মানৱায়ন এই উপন্যাসৰ ভেঁটি। এই উপন্যাসৰ কাহিনীভাগৰ মূল হৰিবংশ। বিষ্ণুপুৰাণ আৰু ভাগৱতৰো দুটা এটা অংশ সোমাইছে। বীৰেন্দ্র মিত্ৰৰ 'যদু বংশ-ব্রজপর্ব ' আৰু নৃহিংস প্রসাদ ভাদুড়ীৰ 'মহাভাৰতৰ ভাৰত যুদ্ধ এবং কৃষ্ণ' নামৰ গ্রন্থৰো সহায় লোৱা হৈছে। কৃষ্ণৰ জীৱনৰ অন্ধকাৰ দিশবোৰ উন্মোচন কৰি 'লীলা' নামৰ অলৌকিকতাৰ চাপ মোকলাই ঐতিসাহিক পুৰুষৰ ৰূপত কৃষ্ণক মানৱায়ন কৰা উপন্যাসখনিৰ অৱলোকনেই এই আলোচনা পত্রৰ উপজীৱ্য।


  • সূচক শব্দ: দেৱতায়ন, মানৱায়ন, দেৱঅনুগামী, বিষ্ণুদাস, দেৱষড়যন্ত্র, সঙ্কর্ষণ।

  • Contact us for Full Paper

 

| About |    | Aims& Scope |    | Instructions |    |Volume 8 |    |Volume 9 |    | Editorial Board |    | Contact |

Contact

Leave a Message

Contact Us

Journal of Frontline Research (Arts & Science)Sibsagar College, Joysagar P.O. & District - SivasagarPin - 785665Assam, India


website@jfras.com

Email : edjfr2021@gmail.com [for manuscript submission]