অসমীয়া উপন্যাসৰ শেহতীয়া ধাৰা (মনস্তাত্ত্বিক দৃষ্টিভংগীৰে)

  • মায়াশ্রী গোস্বামী
    অসমীয়া বিভাগ, শিৱসাগৰ কলেজ

  • প্রস্তাৱনা

  •           অসমীয়া উপন্যাস সাহিত্যৰ জন্ম হয় ঊনবিংশ শতিকাৰ দ্বিতীয়াৰ্দ্ধত। ইংৰাজ লেখক জন ৱানিয়ানৰ পিলগ্রিমছ প্রগ্রেছৰ অসমীয়া অনুবাদ 'জাত্রিকৰ যাত্রা', 'অৰুণোদই'ত প্রকাশিত হোৱাৰ লগে লগেই অসমীয়া উপন্যাস দোৱাৰ মুকলি হ'ল। কিন্ত্ত অসমীয়া উপন্যাসৰ আনুষ্ঠানিক শুভাৰম্ভ হয় পদ্মনাথ গোঁহাই বৰুৱাৰ কাপতহে। ১৮১২-১৩ শক (ইংৰাজী ১৮৯০ চন)ত 'বিজুলী' আলোচনীত খন্ড খণ্ডকৈ প্রকাশ পাইছিল। 'ভানুমতী' নামৰ ঐতিসাহিক উপন্যাসখনে। পদ্মনাথ গোঁহাই বৰুৱাৰ দ্বাৰা ৰচিত এই ভানুমতী উপন্যাসখনেই অসমীয়া ভাষাৰ প্রথম উপন্যাস ৰূপে স্বীকৃত। পদ্মনাথ গোঁহাই বৰুৱাৰ পিছত উপন্যাস সম্রাট ৰজনীকান্ত বৰদলৈৰ হাতত অসমীয়া উপন্যাসে সুকীয়া মাত্রা আৰু নৱ ৰূপেৰে আত্মপ্রকাশ কৰি জিলিকি উঠিল।
               পদ্মনাথ ৰজনীকান্তৰ হাততেই জন্ম লাভ কৰা অসমীয়া উপন্যাসে দশকে দশকে নতুন চিন্তা চেতনা তথা বৈশিষ্ট্যৰে আত্মপ্রকাশ কৰিলে। একবিংশ শতিকাৰ উপন্যাস সমূহো ইয়াৰ ব্যতিক্রম নহয়। কেইগৰাকীমান বিশিষ্ট ঔপন্যাসিকৰ হাতত অসমীয়া উপন্যাসে ন ন ৰূপত আত্মপ্রকাশ কৰি পাঠকক আনন্দৰ খোৰাক যোগোৱোৰ লগতে চিন্তাৰ উন্মেষো ঘটাইছে। সত্য তথ্য সম্বলিত বহু উপন্যাসে পাঠকৰ পৰা সমাদৰহে লাভ কৰিছে।


  • Contact us for Full Paper

 

| About |    | Aims& Scope |    | Instructions |    |Volume 8 |    |Volume 9 |    | Editorial Board |    | Contact |

Contact

Leave a Message

Contact Us

Journal of Frontline Research (Arts & Science)Sibsagar College, Joysagar P.O. & District - SivasagarPin - 785665Assam, India


website@jfras.com

Email : edjfr2021@gmail.com [for manuscript submission]