শংকৰদেৱৰ 'পাৰিজাত হৰণ' নাটৰ মূল উৎস আৰু চৰিত্রৰ বৈচিত্রতা

  • ডঃ মাধৱ চন্দ্র বৰুৱা
    অসমীয়া বিভাগ, শিৱসাগৰ কলেজ, জয়সাগৰ (স্বায়ত্বশাসিত)

  • বিষয়বস্তুৰ সাৰাংশ

  •           মহাপুৰুষ শ্রীমন্ত শঙ্কৰদেৱ অসমীয়া জাতি-সাহিত্য-সংস্কৃতিৰ এগৰাকী কৌশলী খনিকৰ। তেওঁ আছিল একেধাৰে কবি, চিত্রকৰ, অভিনেতা, গায়ক, নর্তক, ধর্ম প্রচাৰক লগতে এগৰাকী সুদক্ষ সমাজ সংগঠক। এক শৰণ নৱ বৈষ্ণৱ ধর্ম প্রচাৰৰ উদ্দেশ্যেৰে তেওঁ গীত-পদ, নাট-ভাওনা, তত্ত্বমূলক ৰচনা আদি সৃষ্টিৰ যোগেদি অসমীয়া তথা ভাৰতীয় সাংস্কৃতিক জগতলৈ বিপুল অৱদান দি থৈ গৈছে।তেওঁ ছয়খন নাট ৰচনা কৰিছিল। তাৰ ভিতৰত 'পাৰিজাত হৰণ' হ'ল অন্যতম।চৰিতপুথিত উল্লেখ থকা অনুসৰি উক্ত নাটখন মহাপুৰুষজনাই দ্বিতিয়বাৰ তীৰ্থ ভ্রমণৰ পাছত ৰচনা কৰে। নাটখনৰ মূল উৎস হ'ল - ভাগৱত পুৰাণ। ভাগৱত পুৰাণৰো আকৌ কৃষ্ণ-চৰিত্রৰ লীলা প্রকাশক দশম স্কন্ধই হৈছে তেওঁৰ নাট্য কাহিনীৰ মূল উৎস। অৱশ্যে, নাটকীয় কাহিনীৰ প্রয়োজন অনুসৰি ভাগৱতৰ সমধর্মী গ্রন্থ হৰিবংশ আৰু বিষ্ণুপুৰাণৰ কথাবস্তু ঠায়ে ঠায়ে সংযোগ কৰিছে।
               ঘ্টনাক্রম আৰু কথা-বস্তুৰ সংযোজনাৰ উপৰি চৰিত্রসমূহৰ উপস্থাপন ৰীতি নাটখনিৰ আন এটি মনকৰিবলগীয়া দিশ। নাটখনিত নাট্যকাৰে প্রতিটো চৰিত্রকে স্বকীয় বৈশিষ্ট্যৰে সমূজ্বল কৰি পাৰস্পৰিক বৈপৰীত্য আৰু সাদৃশ্যৰ ভিত্তিত অংকন কৰিছে। কৃষ্ণ-সত্যভামাৰ অনুৰূপ ইন্দ্র-শশী পৰস্পৰ সহ-ধর্মিতাৰ ভিত্তিত অংকিত। আনহাতে, ৰুক্মিণী আৰু সত্যভামা পাৰস্পৰিক বৈপৰীত্যৰ ভিত্তিত চিত্রিত। নাটখনিত সত্যভামাক গ্রাম্য দন্দুৰী তিৰোতাৰ হাঁচত গঢ়ি তুলিছে। সেইদৰে, দেৱকার্যত পৰম আগৰণুৱা, কৃষ্ণৰ পৰম ভক্ত ভাগৱত-হৰিবংশৰ নাৰদক নাট্যকাৰে টুটকীয়া 'বীণবৰাগী' ককাইৰ শাৰীলৈ নমাই আনিছে। আমাৰ অধ্যয়নত প্রধানতঃ এনেবোৰ বিষয়ে প্রাধান্য লাভ কৰিছে।এই ক্ষেত্রত বিশ্লেষণাত্মক পদ্ধতি মানি চলা হৈছে।


  • বীজশব্দ: শঙ্কৰদেৱ, পাৰিজাত, হৰিবংশ, ভাগৱত, চৰিত্র আদি।

  • Contact us for Full Paper

 

| About |    | Aims& Scope |    | Instructions |    |Volume 8 |    |Volume 9 |    | Editorial Board |    | Contact |

Contact

Leave a Message

Contact Us

Journal of Frontline Research (Arts & Science)Sibsagar College, Joysagar P.O. & District - SivasagarPin - 785665Assam, India


website@jfras.com

Email : edjfr2021@gmail.com [for manuscript submission]