জ্যোতিপ্রসাদ আগৰৱালাৰ 'ৰূপালীম' নাটকৰ এটি কেন্দ্রীয় নাৰী চৰিত্র বিশ্লেষণ

  • গীতাঞ্জলি বড়া
    অসমীয়া বিভাগ, শিৱসাগৰ কলেজ, জয়সাগৰ (স্বায়ত্বশাসিত)

  • বিষয়বস্তুৰ সাৰাংশ

  •           'ৰূপকোঁৱৰ' জ্যোতিপ্রসাদ আগৰৱালাদেৱৰ অসমীয়া সাহিত্য জগতলৈ অৱদান অতুলনীয়। অসমীয়া সাহিত্য জগতত নাট্যকাৰ, কবি, ঔপন্যাসিক, গল্পকাৰ, গীতিকাৰ আদি বিভিন্ন আখ্যাৰে খ্যাত আগৰৱালাদেৱ অসমীয়া সাহিত্যৰ এক উজ্জ্বল ৰত্ন। 'ৰূপান্তৰেহে জগত ধুনীয়া কৰে' - এই মূলমন্ত্রকে সাৰোগত কৰা ব্যক্তি গৰাকীয়ে তেখেতৰ সাহিত্য কর্মৰ যোগেদি অসমীয়া সাহিত্যত নতুনত্বৰ সূচনা কৰিছিল। অসমীয়া নাটকত পোন প্ৰথমবাৰৰ বাবে পুঙ্খানুপুঙ্খ ভাৱে মঞ্চ-নির্দেশনা দাঙি ধৰি তেখেতে অসমীয়া নাটকক এক নতুন ৰূপ প্রদান কৰিছিল। নাট্যকাৰ হিচাবে আগৰৱালাদেৱৰ স্থান অসমীয়া নাট্যজগতত আন নাট্যকাৰ সকলতকৈ বহুগুণে পৃথক। তেখেতৰ দ্বাৰা সৃষ্ট (পূর্ণ আৰু অপূর্ণ) আটাইকেইখন নাটকলৈ ভালদৰেই লক্ষ্য কৰিলেই কথাৰ সত্যতা নিৰূপণ কৰিব পাৰি। পূর্ণ ৰূপত প্রাপ্ত 'ৰূপালীম' আগৰৱালাদেৱৰ এখনি লেখত ল'বলগীয়া নাটক। অসমৰ পূব সীমান্তৰ পর্বতীয়া সমাজ এখনৰ প্রকৃতিসূলভ সৰল পৰিবেশক কেন্দ্র কৰি আগৰৱালাদেৱে ৰচনা কৰা 'ৰূপালীম' নাটকখনিত প্ৰধানকৈ দুটা কেন্দ্রীয় নাৰী চৰিত্র দেখা যায়। সেয়া হ'ল - ৰূপালীম আৰু ইতিভেন।দুয়াটা নাৰী চৰিত্রই ক্রমে 'প্রেম আৰু ত্যাগ' আৰু 'প্রেম আৰু প্রতিবাদ' - ৰূপে জিলিকি উঠিছে। অৱশ্যে মোৰ এই আলোচনা পত্রখনিত কেৱল 'ৰূপালীম' চৰিত্রটিৰ সম্পৰ্কতহে এটি বিশ্লেষণাত্মক আলোচনা দাঙি ধৰিবলৈ প্রয়াস কৰা হৈছে।
               আলোচনা পত্রখনিত 'অধ্যয়ন পদ্ধতি' হিচাবে বিশ্লেষণাত্মক পদ্ধতিৰ সহায় লোৱা হৈছে।


  • বীজশব্দ: ৰূপালীম, প্রেম, ত্যাগ, দেশপ্রেম।

  • Contact us for Full Paper

 

| About |    | Aims& Scope |    | Instructions |    |Volume 8 |    |Volume 9 |    | Editorial Board |    | Contact |

Contact

Leave a Message

Contact Us

Journal of Frontline Research (Arts & Science)Sibsagar College, Joysagar P.O. & District - SivasagarPin - 785665Assam, India


website@jfras.com

Email : edjfr2021@gmail.com [for manuscript submission]